40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমন-দুৱাৰত পাঠ্য পুথি অবিহনে চলিছে একাংশ বড়ো মাধ্যমৰ বিদ্যালয়

ন-দুৱাৰত পাঠ্য পুথি অবিহনে চলিছে একাংশ বড়ো মাধ্যমৰ বিদ্যালয়

ন-দুৱাৰত পাঠ্য পুথি অবিহনে চলিছে একাংশ বড়ো মাধ্যমৰ বিদ্যালয়

দুৰ্নীতিৰ দৰ্পণ,প্ৰতিবেদক,১৭ মে:- বিশ্বনাথ জিলাৰ ন-দুৱাৰ শিক্ষা খণ্ডৰ অধিনৰ একাংশ বড়ো মাধ্যমৰ বিদ্যালয়ত বিভাগীয় কতৃপক্ষই বছৰ বছৰ ধৰি পৰ্যাপ্ত পাঠ্যপুথি যোগান নধৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। শিক্ষা এক মৌলিক অধিকাৰ তেনস্হলত এই অধিকাৰেই যদি হনন হয় তেন্তে প্ৰকৃত শিক্ষাৰ পৰা কন কন ছাত্ৰ-ছাত্ৰী সকল বঞ্চিত হোৱা নাই জানো বুলি প্ৰশ্ন উত্থাপিত হৈছে শৈক্ষিক মহলত ।ন-দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ বৃহত্তৰ জয়সিদ্ধি অঞ্চলৰ বহুকেইখন বড়ো মাধ্যমৰ বিদ্যালয়ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা অদ্যপিও প্ৰৰ্য্যাপ্ত বিনামূলীয়া পাঠ্যপুথি যোগান নধৰাত বিপাঙত পৰিছে শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল। বিগত বৰ্ষবোৰত এই বিদ্যালয় সমূহৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনীয় বহুকেইখন পাঠ্যপুথি অবিহনেই পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা হৈছিল। সেয়েহে চলিত শিক্ষা ( ২০২৬ )বৰ্ষতো বিগত বৰ্ষবোৰৰ দৰে যাতে ছাত্ৰ-ছাত্ৰী সকলে বিনামুলীয়া পাঠ্য পুথিৰ পৰা বঞ্চিত হৈ আধাতে বিদ্যালয় এৰিবলগীয়া নহয় তাৰবাবে বিভাগীয় কৰ্তৃপক্ষই সময় থাকোতেই বড়ো মাধ্যমৰ পৰ্যাপ্ত পাঠ্য পুথি বিতৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক আৰু বিদ্যালয় কতৃপক্ষই।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular