37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমকামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক , যান-বাহন নিয়ন্ত্ৰণ আৰু জনসাধাৰণৰ সুবিধাৰ...

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক , যান-বাহন নিয়ন্ত্ৰণ আৰু জনসাধাৰণৰ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক , যান-বাহন নিয়ন্ত্ৰণ আৰু জনসাধাৰণৰ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২০ মে: কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ মে’ মাহৰ বৈঠক বুধবাৰে ৰঙিয়াস্থিত সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । বৈঠকত কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত আদিত্য গগৈ, ৰঙিয়াৰ সম-জিলা আয়ুক্ত মৃদুস্মিতা বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰ্ণম পেগু আৰু পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।বৈঠকত পূৰ্বৱৰ্তী জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে জিলাখনত পথ সুৰক্ষা আৰু জনসাধাৰণৰ সুবিধা নিশ্চিত কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ ৰঙিয়া চহৰৰ যান-বাহন নিয়ন্ত্ৰণ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় বৈঠকত আলোচনা কৰা হয়। ৰঙিয়াৰ এন টি ৰোডত যানজঁট হ্ৰাস আৰু সুশৃংখল যান-বাহন চলাচল নিশ্চিত কৰাৰ উদ্দেশ্যে একপাক্ষিক পাৰ্কিং ব্যৱস্থা কাৰ্যকৰী কৰাৰ লগতে দুয়োপাশে অবৈধভাৱে যানবাহন পাৰ্কিং বন্ধ কৰাৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ উপৰিও চহৰাঞ্চলত চলাচল কৰা ই-ৰিক্সাসমূহৰ নিয়ন্ত্ৰণ, জবাবদিহিতা আৰু অধিক সুৰক্ষিত পৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যে পৌৰসভাৰ অধীনত বাধ্যতামূলক পঞ্জীয়ন ব্যৱস্থা প্ৰৱৰ্তনৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষা নিশ্চিত কৰা, যান-বাহন চলাচল অধিক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰা আৰু যাতায়তৰ সময়ত সাধাৰণ লোকৰ সুবিধা বৃদ্ধি কৰাৰ বাবে সকলো বিভাগৰ মাজত সমন্বিত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular