মৰিগাঁও আছুৰ কাৰ্যালয়ত জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক লৈ চৰকাৰক তীব্ৰ সমালোচনা আছুৰ সভাপতি উৎপল শৰ্মাৰ
দুৰ্নীতিৰ দৰ্পন, মৰিগাঁও সদৰ, ১৭ মাৰ্চ: হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতি বিজড়িত ‘জুবিন ক্ষেত্ৰ’ৰ নিৰ্মাণ কাৰ্যত হোৱা বিলম্ব আৰু বৰ্তমানৰ শোচনীয় অৱস্থাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা৷ মৰিগাঁৱত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে শিল্পীগৰাকীৰ প্ৰয়াণৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যত কোনো স্থায়ী অগ্ৰগতি পৰিলক্ষিত হোৱা নাই, যিটো অসমৰ ৰাইজৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক৷ উৎপল শৰ্মাই অভিযোগ কৰে যে চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে যি নিৰ্মাণ সমিতি গঠন কৰি দিছিল, সেই সমিতিয়ে বৰ্তমানলৈকে কি কাম কৰিলে বা কি প্ৰস্তাৱ দাখিল কৰিলে সেই সম্পৰ্কে ৰাইজ সম্পূৰ্ণ অন্ধকাৰত৷ এজাক বৰষুণ দিলেই জুবিন ক্ষেত্ৰৰ শ্ৰদ্ধাঞ্জলি স্থলী পানীত ওপঙি থকাৰ দৃশ্যই চৰকাৰৰ বিফলতা আৰু অৱহেলাক উদঙাই দিছে বুলি তেওঁ অভিহিত কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পৰিপ্ৰেক্ষিতত যাতে জুবিন ক্ষেত্ৰৰ কাম বন্ধ কৰি ৰখা নহয়, তাৰ বাবে তেওঁ সকীয়নী প্ৰদান কৰে৷ নিৰ্বাচন বা অন্য কোনো প্ৰশাসনিক কাৰণক অজুহাত হিচাপে লৈ এই আৱেগিক বিষয়টোত যাতে কোনো ধৰণৰ শিথিলতা নাহে, তাৰ বাবে তেওঁ চৰকাৰক আহ্বান জনায়৷ জুবিন গাৰ্গক নিৰ্বাচনী ইছ্যু বা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰা যিকোনো দল বা পক্ষক তেওঁ তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয়, “জুবিন গাৰ্গ এটা জ্বলন্ত আগ্নেয়গিৰিৰ নাম৷ তেওঁক লৈ যিয়েই ৰাজনীতিৰ ৰুটি সেকিব বিচাৰিব, তেওঁৰ হাত পুৰি ছাৰখাৰ হ’ব৷ “ জুবিন গাৰ্গৰ হত্যাৰ (বিৰোধী পক্ষৰ দাবী অনুসৰি) তদন্তৰ ক্ষেত্ৰত এছ আই টি (SIT) আৰু চৰকাৰে অধিক তৎপৰতা দেখুৱাই প্ৰতিগৰাকী দোষীক কঠোৰ শাস্তি দিয়াৰো তেওঁ দাবী উত্থাপন কৰে৷ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়া সন্দৰ্ভত মন্তব্য আগবঢ়ায়৷ আৰু লগতে চৰকাৰে যদি বৰ্তমানলৈকে কোনো স্থায়ী নিৰ্মাণৰ কাম হাতত লোৱা নাই, তেন্তে অন্ততঃ এই বাৰিষা কালছোৱাত ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ শ্ৰদ্ধা নিবেদন কৰিব পাৰে, তাৰ বাবে অস্থায়ীভাৱে হ’লেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়৷
মৰিগাঁও আছুৰ কাৰ্যালয়ত জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক লৈ চৰকাৰক তীব্ৰ সমালোচনা আছুৰ সভাপতি উৎপল শৰ্মাৰ
Lucknow
overcast clouds
43.2
°
C
43.2
°
43.2
°
19 %
5.8kmh
88 %
Sun
43
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

